কাৰ্যকলাপ ৩: আপোনাৰ চিন্তাসমূহ প্ৰকাশ কৰক

প্ৰতিটো শিশু অনন্য আৰু তেওঁলোকৰ শিকাৰ শৈলী যে পৃথক, আপুনি বিশ্বাস কৰেনে? যদি হয়, আপুনি আপোনাৰ শ্ৰেণীকোঠাত আপোনাৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰিব? আপোনাৰ মতামত ব্যক্ত কৰক।

Comments

  1. ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বুদ্ধিমত্তা সকলোৰে পৃথক হোৱাৰ কাৰণে তেওঁলোকৰ শিক্ষা প্ৰদানৰ পদ্ধতিও পৃথক হোৱা উচিত । এই ক্ষেত্ৰত যিসকল অত্যন্ত মেধা সম্পন্ন তেওঁলোকক কিছু স্বতন্ত্ৰ ভাৱে চিন্তা কৰিবলৈ দিয়া উচিত , যিসকল সাহিত্যত ৰাপ থকা শিক্ষাৰ্থী তেওঁলোকক বাচি লৈ সেই বিষয়ে আলোচনা কৰা উচিত আৰু নিম্ন মেধা সম্পন্ন সকলক কোনো বিষয় বুজোৱাৰ ক্ষেত্ৰত অধিক সময় প্ৰদান কৰা উচিত ।

    ReplyDelete
  2. হয়, ম‌ই উক্ত কথা ফাঁকিৰ সৈতে সম্পূৰ্ণ ৰূপে সহমত।প্ৰত্যেক জন শিশুৰে ভিন্ন ভিন্ন কাৰ্যক্ষমতা হোৱাৰ লগতে তেওঁলোকৰ শিকন শৈলীও ভিন্ন ভিন্ন।সেই গতিকে শিক্ষা প্ৰদান প্ৰক্ৰিয়াও শিশু অনুযায়ী বেলেগ হʼব লাগে। ইয়াৰ বাবে ম‌ই শিশুসকলক তেওঁলোকৰ ৰুচি অনুসৰি বেলেগ বেলেগ গোটত ভাগ কৰি শিক্ষা প্ৰদান কৰা অধিক ফলপ্ৰসু হব বুলি ভাবো।

    ReplyDelete
  3. হয়, সকলোবোৰ শিকাৰুৰ বুদ্ধিমত্তা একে নহয় আৰু সকলোৱে পৃথক পৃথক পৰিবেশৰ পৰা আহে। গতিকে সকলোকে একে শিকনশৈলীৰে শিকাব নোৱাৰি। এনে ক্ষেত্ৰত যিসকল শিকাৰুৰ শিকিবপৰা ধৰণ সাদৃশ্য তেনেসকলক নিশ্চয় এটা গোটত ৰাখিব পাৰি। ঠাই অনুসৰি বিদ্যালয় সমূহত বেঞ্চে প্ৰতি বেলেগ সক্ষমতা সম্পন্ন শিশু শ্ৰেণীত পোৱা যায়। এনে শিশুৰ বাবে ব্যক্তিগত ভাবে ওচৰলৈ গৈ শিকোৱাৰ বাহিৰে গত্যন্তৰ নাই। অন্যথা বেলেগ বেলেগ সক্ষমতাৰ শিশু সকলক বেলেগ বেলেগ গোটত ভগাই লৈ শিকাবলৈ যত্ন খৰা হয়।

    ReplyDelete
  4. হয় মই উক্ত কথা ফাঁকিৰ সৈতে সম্পূর্ণ ৰূপে সন্মত | প্ৰতিজন শিশুৰে বেলেগ বেলেগ মানসিক বুদ্ধিমত্তা হোৱাৰ লগতে তেওলোকৰ শিকন প্ৰক্ৰিয়া ও অন্যান্য ধৰণৰ হয় | সেই গতিকে শিক্ষা প্ৰদান প্ৰক্ৰিয়া শিশু অনুসৰি ভিন্নতা থাকিব লাগে| ইয়াৰ বাবে মই প্ৰতিজন শিশুকে নিজ নিজ ৰুচি অনুসৰি বেলেগ বেলেগ গোটত ভাগ কৰি শিক্ষা প্ৰদান কৰিলে অধিক লাভবান হব বুলি ভাবো |

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক