কাৰ্যকলাপ ২: স্কুল জীৱন – আপোনাৰ ধাৰণাসমূহ প্ৰকাশ কৰক

 অলপ সময় লওঁক আৰু আপুনালোকে সাধাৰণতে বিদ্যালয়ত সন্মুখীন হোৱা অসুবিধাবোৰৰ বিষয়ে চিন্তা কৰক আৰু আপোনাৰ চাৰিওফালে থকা এছ.এম.চি. সদস্যসকল আৰু অভিভাৱকসকলে কোনবোৰ অসুবিধা সমাধান কৰিব পাৰে জানিবলৈ চেষ্টা কৰক। এতিয়া শিক্ষকসকলে এই লোকসকলৰ সৈতে কেনেদৰে যোগাযোগ কৰিব লাগে আৰু পৰিস্থিতিটো উন্নত কৰিবলৈ কিদৰে চেষ্টা কৰা উচিত তাৰ ওপৰত চিন্তা কৰি আপোনাৰ ধাৰণাবোৰ প্ৰকাশ কৰক

Comments

  1. অভিভাৱক সকলৰ পৰা সহযোগিতা নাপাওঁ। নিজৰ সন্তানৰ শিক্ষাৰ প্ৰতি সচেতন নহয়। অভিভাৱক সকলক আলোচনালৈ মাতিলে বিদ্যালয়লৈ নাহে ।

    ReplyDelete
  2. বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে অভিভাৱকৰ দায়িত্বও যথেষ্ট। তেওঁলোকৰ সহযোগিতা অতি বাঞ্চনীয়। কিন্তু বহু ক্ষেত্ৰত অভিভাৱক সকলৰ সহযোগিতা দেখা নাযায়। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ খতিয়ানৰ বাবে আলোচনা কৰিবলৈ নতুবা তেওঁলোকৰ অনুপস্হিতিৰ কথা ক'বলৈও ঘৰলৈহে যাব লগা হয় ।

    ReplyDelete
  3. অভিভাৱকৰ সহাৰি নিচেই কম, বিদ্যালয়ৰ সভাত কিছুসংখ্যক অভিভাৱকহে উপস্থিত থাকে। বহুসংখ্যক অভিভাৱকে লিখা-পঢ়াও নাজানে।

    ReplyDelete
  4. by basanti kalita

    aaaji kali obhibabor lgt jugajug thake kintu obhibabor bhulak likha pohra kom aru arthik dur bol heikrne olop bhujuwa okhubida hoi. teu lukeu school loi ahiboi loi okhubidai pai.

    ReplyDelete
  5. বিদ্যালয়তছাত্ৰ-ছাত্ৰীৰ প্ৰথম ভাৱ বিনিময়।অভিজ্ঞতাৰ ফালৰ পৰা কেতিয়াবা ভাৱ বিনিময়ত ভাষিক সমস্যাই দেখা দিয়ে।তেনে ক্ষেত্ৰত শিক্ষক অভিভাৱকৰ লগত অন্তৰঙ্গ ভাৱ বিনিময়ৰ প্ৰয়োজন।এনেক্ষেত্ৰত এনেকুৱাসমস্যাৰ পৰা সুসমাধান পাব পাৰি।

    ReplyDelete
  6. শিক্ষক সকলে এছ, এম, চি সদস্য আৰু অভিভাৱক সকলৰ লগত চিঠি যোগেদি নিমন্ত্ৰণ কৰি তেওঁ লোকৰ লগত আলোচনা কৰি বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰী সকলৰ সমস্যা সমূহ সমাধান কৰা হ’ব

    ReplyDelete
  7. By BAHARUL ISLAM
    অভিভাৱক সকলক বুজালে কিছুমানে অলপ সঁহাৰি দিযে তাৰ কেইদিনমান পিছত আকৌ গুৰুত্ব কমাই দিযে

    ReplyDelete
  8. বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ মান উন্নত কৰাৰ বাবে SMC খনৰ লগতে অভিভাৱকৰ দায়িত্ব যথেষ্ট।তেওঁলোকৰ সহযোগিতাৰ অৱিহনে বিদ্যালয় খনে কণ কণ ছাত্ৰ ছাত্ৰী সকলক আগোৱাই লৈ যাবলৈ অসুবিধাৰ সন্মুখীন হয়। কিন্তু বহু ক্ষেত্ৰত অভিভাৱক সকলৰ সহযোগিতা কম হয় । আনকি কিছু অভিভাৱক নিজৰ সন্তানৰ শিক্ষাৰ প্ৰতি সচেতন নহয়। ছাত্ৰ ছাত্ৰীৰ খাতিয়ান নতুবা অনুপস্থিতিৰ বিষয়ে কবলৈও বিচাৰিব লগা হয়।
    তেনে ক্ষেত্ৰত কিছু কৰি হলেও শিক্ষক বৃন্দ, S.M.C. ৰ সদস্য সকল আৰু অভিভাৱকৰ লগত আলাপ আলোচনা, ভাব বিনিময় ৰ প্ৰয়োজন। এনে ক্ষেত্ৰত এনেকুৱা সমস্যাৰ পৰা সু সমাধান পাব পাৰি।

    ReplyDelete
  9. বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ মান উন্নত কৰাৰ বাবে SMC খনৰ লগতে অভিভাৱকৰ দায়িত্ব যথেষ্ট।তেওঁলোকৰ সহযোগিতাৰ অৱিহনে বিদ্যালয় খনে কণ কণ ছাত্ৰ ছাত্ৰী সকলক আগোৱাই লৈ যাবলৈ অসুবিধাৰ সন্মুখীন হয়। কিন্তু বহু ক্ষেত্ৰত অভিভাৱক সকলৰ সহযোগিতা কম হয় । আনকি কিছু অভিভাৱক নিজৰ সন্তানৰ শিক্ষাৰ প্ৰতি সচেতন নহয়। ছাত্ৰ ছাত্ৰীৰ খাতিয়ান নতুবা অনুপস্থিতিৰ বিষয়ে কবলৈও বিচাৰিব লগা হয়।
    তেনে ক্ষেত্ৰত কিছু কৰি হলেও শিক্ষক বৃন্দ, S.M.C. ৰ সদস্য সকল আৰু অভিভাৱকৰ লগত আলাপ আলোচনা, ভাব বিনিময় ৰ প্ৰয়োজন। এনে ক্ষেত্ৰত এনেকুৱা সমস্যাৰ পৰা সু সমাধান পাব পাৰি।

    REPLY


    ReplyDelete
  10. সকলো অভিভাৱক সকলে বিদ্যালয় নাহে।ছাত্ৰ ছাত্ৰী সকলকো নিয়মীয়া ভাৱে বিদ্যাল়সমূহত নপথিয়াই। অধিকাংশ অভিভাৱক দুখীয়া।দৈনিক হাজিৰা কৰে। বিদ্যালয় লৈ মতিলে আহিব নোৱাৰে।তথাপিও SMC ৰ সহায়ত সকলোকে MEETING পাতি সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা চলাই আছোঁ। আশা কৰোঁ আগলৈ নিশ্চয় সফল হম।

    ReplyDelete
  11. Bidyalayat palon kora jikono utshav parwan aadit abivawak SMC aru sampraday jaditkaran. Teoloke diya hahajogar proti hohari totha Khanman pradarkhan aadir dwara teolokor logot ata hu- homporka sthapan kori bidyalayat khikhyake hanmukhin hua samashya hamuhar kisu homadhan korib pari buli moi vabuu.

    ReplyDelete
  12. বিদ্যালয়ত অভিভাৱক আৰু এছ.এম.ছিৰ সদস্য সকলৰ সহযোগিতা অতি কম। অতি নগন্য সংখ্যক অভিভাৱকৰ পৰাহে অলপ সঁহাৰি পোৱা যায়। অভিভাৱকৰ সহযোগিতা পাবলৈ হ'লে তেওঁলোকক যিকোনো কামৰ বাবে উৎসাহিত কৰিব লাগিব। অভিভাৱক সকলৰ বেছিভাগেই নিৰক্ষৰ লগতে দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে গতিকে তেওঁলোকক বিদ্যালয়ত শিক্ষকৰ লগত ভাৱ আদান-প্ৰদান কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময় বান্ধি দিয়া ৰ দৰে কামৰ পৰা বিৰত থাকিব লাগিব। তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি তেওঁলোকৰ পৰা আমি তেওঁলোকৰ কৰণীয় খিনি আদায় কৰিব লাগিব।অন্যথা হিতে বিপৰীত হোৱাৰ হে পৰিলক্ষিত হয়। এইক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান গৰাকীৰ হস্তক্ষেপ লেখত লবলগীয়া। ধন্যবাদ

    ReplyDelete
  13. Abhibhabokor xohojogita ekebare kom. Abhibhabokor besikhiniei oxikhit.

    ReplyDelete
  14. প্ৰথমে এই ক্ষেত্ৰত পোৱা অসুবিধা সমূহ হ'ল - অনিয়মীয়া উপস্থিতি। এই ক্ষেত্ৰত অভিভাৱক সকলে শিশু সকলক বিদ্যালয়লৈ পথিয়াব পাৰে। এয়া তেখেতসকলৰ সহযোগিতা হব। কিন্তু শিশু সকলৰ বিদ্যালয়লৈ সময় হোৱাৰ আগতেই অভিভাৱক কৰ্তব্যলৈ উলাই যায়। এয়া এটা আৰ্থ-সামাজিক সমস্যা।
    বিদ্যালয়ৰ উন্নয়নত অভিভাৱক, SMC ৰ পৰা সহযোগিতা পাব পাৰি। শিক্ষক-শিক্ষয়িত্ৰী সকলে ইয়াৰ বাবে প্ৰাথমিক স্তৰত কিছু extra effort দিব লাগিব। হয়টো স্কুলখনক ঘৰতকৈও বেছি গুৰুত্ব দিব লাগিব। ঠাই বিশেষে কিন্তু। সকলোতে পৰিবেশ একে নহয়। সমস্যা-অভিভাৱকৰ সভাত উপস্থিতি বৰ পুতৌ লগা। প্ৰাথমিক অৱস্থাত কষ্ট কৰিলে পাছলৈ সফলতা আহিব বুলি বিশ্বাস হয়। সহযোগিতা পাবলৈ হ'লে শিক্ষক-শিক্ষয়িত্ৰী সকল স্কুলৰ ছাত্ৰ-ছাত্ৰী যি অঞ্চলৰ পৰা আহে, সেই অঞ্চলৰ অভিভাৱক ৰ সৈতে এটা সহজ আৰু খোলোছা সম্পৰ্ক ৰাখিব পাৰিব লাগিব। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ নিচেই কাষৰ অঞ্চলৰ নোহোৱাটোও এই ক্ষেত্ৰত আন এটা সমস্যা। সচেতন অভিভাৱক, সচেতন সমাজ নহ'লে শিক্ষক-শিক্ষয়িত্ৰী সকলে চেষ্টা কৰিব পাৰে। কিন্তু সফলতা অংশীদাত্বকাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে।

    ReplyDelete
  15. অভিভাৱক সকলৰ সক্ৰিয় অংশগ্ৰহণৰ বহুত প্ৰয়োজন । কাৰণ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক দিনটোৰ ৫/৬ ঘণ্টাহে পায়, বাকী সময় অভিভাৱক সকলৰ তত্বাৱধানত থাকে । গতিকে তেওঁলোকে শিক্ষকৰ সৈতে যোগাযোগ ৰাখিলে ছাত্ৰ ছাত্ৰীৰ বিকাশ সম্ভৱ হয়। কিন্তু বহুতো অভিভাৱক এনে যোগাযোগৰ পৰা আঁতৰি থকা দেখা যায়

    ReplyDelete
  16. Ahibhabok khakal niyamiyabhabe jogajug Nathake. Kionu teulukor besikhankyok lok daily hajira kori khai.moi jaritokoronor Karone PTM onusthito koru.lahe lahe hohari paisu.

    ReplyDelete
  17. Abhivabok khakal r pora hohari puwa najai.

    ReplyDelete
  18. আমাৰ বিদ্যালয়খন থকা অঞ্চলটো শিক্ষাৰ লগতে অৰ্থনৈতিক ভাৱে যথেষ্ট পিছপৰা। গতিকে অভিভাবক সকলক বিদ্যালয়ৰ কাৰ্যকলাপত সক্রিয় অংশগ্রহণ কৰোৱাৰ ক্ষেত্রত কিছু অসুবিধাৰ সন্মুখীন হওঁ। কিন্তু যিসকলৰ পৰা আমি সহাৰি লাভ কৰো তেনে সকলৰ পৰা যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হওঁ।

    ReplyDelete
  19. অভিভাৱক সকলৰ পৰা আমি সহাঁৰি নাপাওঁ। বিদ্যালয় ত আমি কি শিক্ষা দান কৰোঁ তেওঁ লোকে গুৰুত্বসহকাৰে বিবেচনা কৰিব নোৱাৰে।এচ,এম,চি আৰু অভিভাৱকে শিক্ষকৰ লগত আলোচনা কৰি বিভিন্ন ধৰণৰ অসুবিধা সমূহ দূৰ কৰিব পাৰে।

    ReplyDelete
  20. বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী সকল গৈছে নে নাই অভিভাৱক সকলে এই কথাটো গম নাপায়। তেওঁ লোকৰ অমনোযোগিতাৰ বাবে আনকি পৰীক্ষা দিবলৈ শিশুক ঘৰৰ পৰা মাতি আনিব লাগে।

    ReplyDelete
  21. Student sokol school t absent thakile bohut academic loss hoi.
    SMC r joriyote student k regular school t present thakiboloi utsahito koribo pari

    ReplyDelete
  22. বিদ্যালয়ত সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত এছ.এম.চি.ৰ সদস্য আৰু অভিভাৱকসকলৰ সহযোগিতাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।শিক্ষকসকলে এছ.এম.চি.ৰ সভা আৰু অভিভাৱকৰ সভাত‍ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিব লাগে আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ এছ. এম.চি আৰু অভিভাৱকৰ সৈতে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লব লাগে।শিক্ষকসকলে এছ. এম.চি. আৰু অভিভাৱকসকলক বিদ্যালয়ৰ অনুষ্ঠানসমূহত জড়িত কৰাব লাগে আৰু তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিব লাগে।কিন্তু অতি দুখজনক কথা যে অভিভাৱকসকলৰ সহাঁৰি ভালদৰে পোৱা নাযায়।

    ReplyDelete
  23. বিদ্যালয়ত সন্মুখীন হোৱা সমস্যাবোৰ সমাধানৰ বাবে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে অভিভাৱকৰ সহযোগিতা খুবেই প্ৰয়োজন৷সেয়েহে শিক্ষকসকলে অভিভাৱক সভা আৰু এছ.এম.চি.সভা অনুষ্ঠিত কৰি বিদ্যালয়ৰ অন্য সমস্যাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন অসুবিধাসমুহৰ বিষয়ে আলোচনা কৰিব লাগে৷ইয়াৰোপৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অসুবিধা চিনাক্ত কৰি অভিভাৱকক অবগত কৰাব লাগে আৰু অভিভাৱকৰ পৰামৰ্শ জানিবলৈ তেওঁলোকক বিদ্যালয়লৈ নিমন্ত্ৰণ জনাব লাগে৷এইদৰে অভিভাৱকসকলৰ লগত যোগাযোগ ৰাখিবৰ বাবে আৰু এই পৰিস্থিতিটো উন্নত কৰিবলৈ হলে বিদ্যালয়লৈ সঘনাই নিমন্ত্ৰণ তথা বিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানসমুহত অংশগ্ৰহণ কৰোৱাব লাগে৷

    ReplyDelete
  24. বিদ্যালয় এখনত সন্মুখীন হোৱা অসুবিধা সমূহ দূৰ কৰাৰ বাবে পৰিচালনা সমিতি,মাতৃ গোট আৰু অভিভাৱক সকলৰ যথেষ্ট কৰণীয় আছে। তেওঁ লোকক সহযোগিতাত সঘনাই সভা অনুষ্ঠিত কৰি ছাত্ৰ -ছাত্ৰীৰ দীঘলীয়া অনিয়মীয়া উপস্থিতি নিয়মীয়া কৰিব পাৰি। বিদ্যালযৰ ই'ক আৰু যুথ ক্লাবত, বছেৰেকীয়া খেল ধেমালি, অন্যান্য দিৱস, উৎসৱ পালনত স্বচ্ছতাৰ অভিযান তেওঁ লোকক সাঙুৰি বিদ্যালয় খন ৰ সৰ্বতো দিশত আগুৱাই বিদ্যালয়ৰ অসুবিধা সমূহ সমাধান কৰিব পাৰি। এইদৰে তেওঁলোক বিদ্যালয় খনৰ লগত জড়িত হৈ থাকিলে ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনা ৰ লগতে সকলো কথা গম পাব আৰু ল'ৰা ছোৱালী বোৰে অভিভাৱকৰ আগমনত বিদ্যালয় খন ৰ নিজ ঘৰৰ দৰেই অনুভৱ কৰিব ।

    ReplyDelete
  25. বিদ্যালয়মুখী প্ৰতিজন শিশুকেই আমি শিক্ষকসকলে দৈনন্দিন জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা নূন্যতম শিক্ষাখিনি দিবলৈ চেষ্টা কৰোঁ । কিছুক্ষেত্ৰত কিছু সফল হোৱা যায় যদিও সেয়া যথেষ্ট নহয় । বিদ্যালয়ৰ প্ৰচেষ্টাখিনিক উদ্গনি দি এছ.এম.চি. সদস্যসকল আৰু অভিভাৱকসকলে যদি শিশুসকলক গৃহৱৰ্তী কৰ্মখিনি কৰাত ঘৰুৱাভাৱে সহায় কৰে তেতিয়াহে শিশুসকলৰ শিকন প্ৰক্ৰিয়াটো উপযুক্তভাৱে সম্পাদনা কৰা হৈছে বুলি ক'ব পৰা যায় । লগতে শিক্ষকে আহ্বান জনোৱা আলোচনা সভাত এছ.এম.চি. সদস্যসকল আৰু অভিভাৱকসকল উপস্থিত থাকি‌ পৰস্পৰৰ আলোচনা আৰু বুজাবুজিৰ মাজেদি শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ সমূহ লʼব লাগে । শিক্ষক আৰু অভিভাৱক উভয়ে শিশুৰ লগত জড়িত সুবিধা-অসুবিধাসমূহো পৰস্পৰৰ মাজত আলোচনা কৰিব লাগে। বিদ্যাৰম্ভ সপ্তাহ, বাৰ্ষিক খেল -ধেমালি, শনিবৰীয়া চ'ৰাকে আদি কৰি সকলো দিশতে শিক্ষকে
    এছ.এম.চি. সদস্যসকল আৰু অভিভাৱকসকলক নিমন্ত্ৰণ জনাব লাগে আৰু তেওঁলোকেও আহি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি শিশুসকলকো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে।

    ReplyDelete
  26. অভিভাৱকৰ পৰা সঁহাৰি প্ৰায় পোৱা নাযায় বুলি কব পাৰি। যিহেতু বেছিভাগ অভিভাৱকেই শিক্ষাৰ দিশত পিছ পৰা গতিকে বিদ্যালয়ত পঢ়োৱা বিষয়বোৰৰ ওপৰত তেওঁলোকৰ গুৰুত্ব প্ৰায় নাই।

    এচ, এম,চি ৰ সদস্যসকলৰ সক্ৰিয় সহযোগিতায়ে এই সমস্যাসমূহ কিছু পৰিমাণে সমাধান কৰিব পাৰিব।

    ReplyDelete
  27. অভিভাৱকসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা নাপাওঁ ৷ কাৰণ তেওঁলোক বেছিভাগেই চাহ বাগিছাৰ শ্ৰমিক ৷পুৱাতেই তেওঁলোকে বাগিছালৈ ওলাই যায় ৷সেয়েহে সন্তানৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোক অমনোযোগী হৈ পৰে ৷কাৰণ দুবেলা দুমুঠি পেটৰ তাড়নাত তেওঁলোক বন্দী ৷ ইয়াৰোপৰি তেওঁলোক অধিক সংখ্যক অশিক্ষিত ৷

    ReplyDelete
  28. শিক্ষক সকলে এছ, এম, চি সদস্য আৰু অভিভাৱক সকলৰ লগত চিঠি যোগেদি নিমন্ত্ৰণ কৰি তেওঁ লোকৰ লগত আলোচনা কৰি বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰী সকলৰ সমস্যা সমূহ সমাধান কৰা হ’ব

    ReplyDelete
  29. ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষা লাভৰ ক্ষেত্ৰত শিক্ষক/শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলৰো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাতো অতিকে প্ৰয়োজন।SMC ৰ সভাত অন্যান্য বিষয়ৰ আলোচনাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি সমূহৰ বিষয়ে আলোচনা কৰি তাৰ সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায়ক হয়।

    ReplyDelete
  30. অভিভাৱক আৰু SMC ৰ সদস্য সকলে বিদ্যালয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ অনিয়মীয়া ছাত্ৰ -ছাত্ৰীৰ উপস্থিতি নিশ্চিত কৰা,সমল ব্যক্তি হিচাবে নিজৰ দক্ষতা ছাত্ৰ -ছাত্ৰীক শিকোৱা আৰু গৃহ কাৰ্যত সহায় কৰা, বিভিন্ন সাধুকথা, গীত-নৃত্য আদিত ভাগ লৈ শিক্ষক সকলক উপকৃত কৰিব পাৰে।

    ReplyDelete
  31. We face the problem that guardians of tea tribe are busy from morning. So they couldn't be reached on time. Most of them are illiterate. Their contribution is low, and can't fullfill the needs of their children.
    So we have arrange any meeting on holidays. Give some more knowledges about students future progress.

    ReplyDelete
  32. I know it is a bit difficult but not impossible if we can arrange some or other ways to teach the illiterate guardians and SMC members in the same school so that they also feel the problems of their child and try to help each other at home.I think this will also develop a healthy competition between them.

    ReplyDelete
  33. অলপ শিক্ষিত অভিভাৱকে এজনীয়া বা দুজনীয়া শিক্ষক থকা বিদ্যালয়ত শিক্ষকৰ অভাৱ কিঞ্চিৎ দূৰ কৰিব পাৰে

    ReplyDelete
  34. বিদ্যালয়ৰ চৌপাশৰ পৰিৱেশ প্ৰায়ে অপৰিষ্কাৰ হৈ থাকে ।। ছাত্ৰ - ছাত্ৰী, শিক্ষক সকলে মিলি চাফ - চিকন কৰিলেও ২/৩ দিনৰ ভিতৰতে পুনৰ লেতেৰা হয় । ছাত্ৰ ছাত্ৰী সকল বিদ্যালয়ত প্ৰায়ে অনিয়মীয়া ৷ এই ক্ষেত্রত SMC বা অভিভাৱক সকলৰ লগত যোগাযোগ কৰিলেও কোনো সুফল পোৱা নাযায় ৷ ছাত্র ছাত্রী সকলৰ অভিভাৱকসকল নিজা সন্তানৰ শিক্ষাদীক্ষাৰ প্রতি অলপো সচেতন নহয়৷ তেওঁলোকক বিদ্যালয়ৰ সভাসমিতিলৈ নিমন্ত্রণ কৰিলেও কোনো ইতিবাচক সঁহাৰি পোৱা নাযায়। বিদ্যালয়ত ছাত্রছাত্রী সকলৰ উপস্থিতি নিয়মীয়া কৰিবলৈ চেষ্টা কৰিলেও বিফল হবলগীয়া হয়।

    ReplyDelete
  35. Gurdians are illiterate, poor. Except few, most of them are unaware what their children are doing in school. Even in parents teacher Meet they don't come whosoever come they don't take any action at home. The students go to home and come back next day without any homework, without copy, pencil, rubber ,pen.

    ReplyDelete
  36. বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে অভিভাৱকৰ দায়িত্বও যথেষ্ট। তেওঁলোকৰ সহযোগিতা অতি বাঞ্চনীয়। কিন্তু বহু ক্ষেত্ৰত অভিভাৱক সকলৰ সহযোগিতা দেখা নাযায়। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ খতিয়ানৰ বাবে আলোচনা কৰিবলৈ নতুবা তেওঁলোকৰ অনুপস্হিতিৰ কথা ক'বলৈও ঘৰলৈহে যাব লগা হয় ।বিদ্যালয়ৰ চৌপাশৰ পৰিৱেশ প্ৰায়ে অপৰিষ্কাৰ হৈ থাকে ।। ছাত্ৰ - ছাত্ৰী, শিক্ষক সকলে মিলি চাফ - চিকন কৰিলেও ২/৩ দিনৰ ভিতৰতে পুনৰ লেতেৰা হয় । ছাত্ৰ ছাত্ৰী সকল বিদ্যালয়ত প্ৰায়ে অনিয়মীয়া ৷ এই ক্ষেত্রত SMC বা অভিভাৱক সকলৰ লগত যোগাযোগ কৰিলেও কোনো সুফল পোৱা নাযায় ৷ ছাত্র ছাত্রী সকলৰ অভিভাৱকসকল নিজা সন্তানৰ শিক্ষাদীক্ষাৰ প্রতি অলপো সচেতন নহয়৷ তেওঁলোকক বিদ্যালয়ৰ সভাসমিতিলৈ নিমন্ত্রণ কৰিলেও কোনো ইতিবাচক সঁহাৰি পোৱা নাযায়। বিদ্যালয়ত ছাত্রছাত্রী সকলৰ উপস্থিতি নিয়মীয়া কৰিবলৈ চেষ্টা কৰিলেও বিফল হবলগীয়া হয়।

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক