কাৰ্যকলাপ ৩: যোগাযোগৰ বাবে একশক্তিশালী পদ্ধতি হিচাপে পি.টি.এম.(অভিভাৱক-শিক্ষকৰ সভা) – আপোনাৰ ধাৰণা প্ৰকাশ কৰক
নিম্নলিখিত বিষয় বোৰৰ ওপৰত গঠনমূলক ভাৱে চিন্তা কৰক:- আপুনি কিমান সঘনাই পি.টি.এম. আয়োজন কৰে? আপুনি সাধাৰণতে অভিভাৱকৰ সৈতে কি কি বিষয় আলোচনা কৰে? আপুনি অন্বেষণ কৰিবলৈ চেষ্টা কৰিছে নে যে তেওঁলোকে আপোনাক আৰু বিদ্যালয়ক অধিক কাৰ্যকৰীভাৱে কাম কৰাত কিমান ভালদৰে সহায় কৰিব পাৰে? আপুনি অভিভাৱকৰ সাধাৰণ উদ্বেগ আৰু আপোনাৰফালৰ পৰা বা বিদ্যালয়ৰ পৰা সমাধান হ'ব পাৰে নেকি সেই বিষয়ে চিন্তা কৰিছেনে ? সৃষ্টিশীল আৰু সমস্যা সমাধান কৰাৰ আগ্ৰহৰ সৈতে এই প্ৰশ্নবোৰৰ সন্দর্ভত চিন্তা কৰক আৰু আপোনাৰ ধাৰণা প্ৰকাশ কৰক।
বিদ্যালয়ত মাহত অভিভাবকৰ সভা অনুষ্ঠিত কৰা হয় যদিও ব্যক্তিগতভাৱে সপ্তাহৰ ভিতৰতে অভিভাবক সকলক লগ কৰা হয়। তেওঁলোকৰ পৰামৰ্শই বিদ্যালয় খনক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰে। অভিভাবক সকলৰ উদ্বেগ দূৰীকৰণৰ বাবে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ খতিয়ানৰ বহীও দেখুওৱা হয় ।
ReplyDeleteঅভিভাৱক আৰু শিক্ষকৰ সভা পতা হয় যদিও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিকগতিবিধি লক্ষ্য কৰি ব্যক্তিগত ভাৱে প্ৰায়ে তেওঁলোকৰ সন্তানৰ কাৰ্য কলাপ জানিব বিচাৰে । এই ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতা থকা দিশ সমূহৰ ওপৰত আলোচনা কৰি ঘৰতোএই দিশৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হয়।
ReplyDelete