কাৰ্যকলাপ 3 চিন্তাৰ ভাগ-বতৰাঃ প্ৰত্য়াহ্বানমূলক মুহূৰ্ত বিকাশৰ উদ্দেশ্য়ৰ লগত জড়িতঃ

শ্ৰেণীকোঠাত বিকাশৰ উদ্দেশ্য়ৰ লগত জড়িত শিকন অভিজ্ঞতা প্ৰদান কৰাৰ সময়ত আটাইতকৈ প্ৰত্য়াহ্বানমূলক মুহূ্ৰ্ত কি হব পাৰে ?

Comments

  1. শিশু সকলৰ সামগ্ৰিক বিকাশৰ বাবে শাৰীৰিক সামাজিক আবেগিক স্বাক্ষৰতা আৰু সংখ্যা জ্ঞান নৈতিক আধ্যাতত্মিক কলা বিকাশৰ বাবে বোধগম্যতা কৰোৱাবৰ বাবে বিদ্যালয়ত আনন্দমূখৰ পৰিেৱেশ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ লগত কথা-বতৰা পতা খেলা নাচগান আদিৰ জৰিয়তে তেওঁলোকে ভাল পোৱা সহজ পৰিৱেশৰ সৃষ্টি কৰা। ইয়াৰ উপৰিও পিতৃ-মাতৃ সমাজ জড়িত কৰাৰ খুবেই প্ৰয়োজন

    ReplyDelete
  2. শিশুসকলক ঘৰুৱা পৰিবেশৰ পৰা আনুস্থানিক শিক্ষাৰ পৰিবেশৰ সৈতে খাপ খুৱাবলৈ যথেষ্ট কষ্টকৰ। প্ৰাৰম্ভিক পৰ্যায়ত এই কথাবোৰ চিন্তা কৰি খুউব সাবলিলতাৰে আগবাঢ়িব লাগিব। সেয়েহে কোনো কংক্ৰিত আচনিৰ দৰে ইয়াৰ বাবে আচনি লবলৈ অসুবিধা। শিশুৰ মানসিকতা, ঘৰুৱা পৰিবেশ, ভাষাৰ তাৰতাম্যতা আদি আগত ৰাখি শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজ নিজ কৌশল অৱলম্বন কৰি আগবঢ়ায় নিয়াৰ প্ৰৱনতাইহে সাফল্য আনিব পাৰিব। অভিভাৱক আৰু আন আন অংশীদাৰ সকলৰ সাকাৰাত্মক ভূমিকাৰো ইয়াত দৰকাৰ হয়।

    ReplyDelete
  3. শিশুৰ সামগ্ৰিক বিকাশৰ বাবে শাৰীৰিক আৰু মানসিক উভয় দিশত মনযোগ দিব লাগে যিহেতু এই দুয়োটা পৰস্পৰ সম্পৰ্কযুক্ত। শিশুৱে বিদ্যালয়ত পদাৰ্পণ কৰাৰ পিছত তেওঁলোকে বিদ্যালয়ৰ পৰিৱেশত সহজ হৈ শিক্ষা গ্ৰহণ কৰিব পৰা হোৱাকৈ গঢ় দিবলৈ বিদ্যালয়ৰ পৰিৱেশ ঘৰুৱা আৰু আনন্দমুখৰ কৰি তোলাটো বিশেষ প্ৰয়োজন। শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ মুখ্য ভূমিকাৰ লগতে সমাজৰ অন্যান্য ব্যক্তিৰ সহযোগত শিশুৰ শিক্ষা গ্ৰহণ সহজ হৈ উঠিব।

    ReplyDelete
  4. আনুষ্ঠানিক শিক্ষা ৰ বাবে বিভিন্ন পৰিবেশৰ পৰা শিশুসকল যেতিয়া বিদ্যালয় লৈ আহে তেতিয়া বিদ্যালয়ত তেওঁলোকে এটা নতুন পৰিৱেশৰ সন্মুখীন হয়। গতিকে তেওঁলোকে ভয়খোৱা, শংকিত হোৱাটো স্বাভাৱিক। আমাৰ তথা শিক্ষকসকলৰ প্রথম কৰ্তব্যটো হব শিশুসকলক ভয়মুক্ত কৰোৱা । শিশুসকলে যাতে আনন্দ তথা মুক্ত মনেৰে শিকিব পাৰে তেনেকুৱা পৰিৱেশ সৃষ্টি কৰাৰ যত্নপৰা হব লাগিব।

    ReplyDelete
  5. এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা ভাষা আৰু বিদ্যালয়ৰ ভাষা বেলেগ বেলেগ হোৱা বাবে কথোপকথন কৰাটো টান হয় । পৰিবেশ ও বেলেগ হোৱা বাবে অসুবিধা সন্মুখীন হওঁ । সেইয়ে আমি যিমান পাৰোঁ ক্ৰিয়াকলাপ মাধ্যমেৰে শিকণ আগবঢ়াব লাগে । ঘৰুৱা পৰিবেশ ও বিদ্যালয় বোৰত গঢ়ি লৈ শিকণ পাঠ দিব লাগে ।

    ReplyDelete
  6. শিশুৰ মানসিকতা, ঘৰুৱা পৰিবেশ, ভাষাৰ তাৰতাম্যতা আদি আগত ৰাখি শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজ নিজ কৌশল অৱলম্বন কৰি আগবঢ়ায় নিয়াৰ প্ৰৱনতাইহে সাফল্য আনিব পাৰিব।শিশুসকলে যাতে আনন্দ তথা মুক্ত মনেৰে শিকিব পাৰে তেনেকুৱা পৰিৱেশ সৃষ্টি কৰাৰ যত্নপৰা হব লাগিব। শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ মুখ্য ভূমিকাৰ লগতে সমাজৰ অন্যান্য ব্যক্তিৰ সহযোগত শিশুৰ শিক্ষা গ্ৰহণ সহজ হৈ উঠিব।

    ReplyDelete
  7. বিদ্যালয়ত অহা কণ কণ শিশুসকলে বিদ্যালয়ত নতুন পরিবেশ পায়। তেওঁলোকৰ ভয়ভার, শংকা আদি থাকে ।স্মৃতিকে তেওঁলোকক বিদ্যালয়র শরিরেশত সাপ খাবলৈ চান হয়। এই ক্ষেত্ৰত শিক্ষকজন সদায় মৰমিয়ান আৰু ছাত্র-ছাত্রীর লগত মিলিব পৰা হব লাগে যাতে ল'ৰা-ছোৱালী সে নিসংকোচে কথোপকথন আৰু বিভিন্ন ক্রিয়াকলাশত ভাগ লব পাৰে ।

    ReplyDelete
  8. ভয় শংকা বিহীন ভাৱে শিকিবলৈ মুক্ত পৰিবেশ দিব লাগে,সাধু ক'বলৈ,গান গাবলৈ, আবৃত্তি কৰিবলৈ দিব লাগে ।

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক