কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক
বুনিয়াদী স্তৰত শিশুসকৰ বাবে প্ৰয়োগ কৰিব পৰা মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহ কি ? মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহৰ এখন তালিকা বনাওক- এই তালিকা প্ৰস্তুত কৰোতে কাগজ কলমৰ জৰিয়তে কৰা পৰীক্ষাৰ বাদে অন্য় মূল্য়ায়ণৰ প্ৰকাৰৰ বিষয়ে চিন্তা কৰি আপোনাৰ ধাৰণাবোৰ Blog postত প্ৰকাশ কৰক ।
বুনিয়াদী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কাগজে কলমে লিখা পৰীক্ষাতকৈ মৌখিক পৰীক্ষাহে বেছি উপযুক্ত বুলি উল্লেখ কৰিব পাৰি। তদুপৰি বিভিন্ন বস্তু চিনাক্ত কৰিবলৈ দিয়াৰ জৰিয়তে, শিশু উপযোগী সাধু ক'বলৈ দিয়াৰ জৰিয়তে, শিশুৰ মূল্যায়ন কৰিব পৰা যায় ।
ReplyDeleteTeaching-learning and Assessment must run together
ReplyDeleteবুনিয়াদী স্তৰত লিখিত প পৰীক্ষাতকৈ মৌখিক ভাবে আৰু ছরি,চার্ট, মডেল, সাধুকথা আদিব ব্যৱহাৰৰ দ্বারা মূল্যায়ন কৰিব পৰা যায়
ReplyDeleteবুনিয়াদী স্তৰত শিশুসকলৰ লিখিত পৰীক্ষাৰ বাদে মৌখিক ভাবে বানান কবলৈ দিয়া, ছরি চাই বিভিন্ন অংশৰ নাম কোৱা, চৌপাশৰ বিভিন্ন বস্তুৰ নাম কোৱাৰ লগতে বানান, যুক্তাক্ষৰ, উচ্চাৰণ আদিৰ লগতে বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে সাংখ্যিক জ্ঞানৰ মূল্যায়ন কৰিব পৰা যায়।
ReplyDeleteবুনিয়াদী স্তৰত শিশুসকলক লিখিত মূল্যায়নতকৈ মৌখিক মূল্যায়ন ত বেছি গুৰুত্ব দিব লাগে । মৌখিক মূল্যায়নৰ ভিতৰত বহু বিকল্পীয় প্ৰশ্ন সম্বিলিত হ'ব লাগে । মূল্যায়ন সমূহ পৰিবেশ ভিত্তিক হ'লে বহুত ভাল হয় । মূল্যায়নৰ প্ৰশ্ন সমূহ বস্তুধৰ্মী হ'ব লাগে ।
ReplyDeleteমূল্যায়নক সাধাৰণতে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি । যেনে - (১)অৱস্থানমূলক , (২) গঠনমূলক , (৩) নিদানমূলক আৰু (৪)যোগাত্মক । মূল্যায়ন সাধাৰণতে লিখিত আৰু মৌখিক - এই দুটা ৰূপত লোৱা হয় । বুনিয়াদী স্তৰত মূল্যায়ন সমূহ লিখিত ৰূপত লোৱাতকৈ মৌখিকভাৱে ললে বেছিভাল ফলাফল পোৱা যায় বুলি আশা কৰিব পাৰি । ইয়াৰ উপৰিও নানা ধৰণৰ ক্ৰিয়াকলাপৰ যোগেদি সাংখ্যিক জ্ঞানৰ মূল্যায়ন কৰিব পাৰি ।
ReplyDeleteবুনিয়াদী স্তৰত ছাত্র-ছাত্রীসকলৰ মূল্যায়নৰ বাবে বিভিন্ন কৌশল ব্যৱহাৰ কৰিব পাৰি । খেলৰ মাধ্যমেৰে মূল্যায়ন কৰিব পাৰি ।
ReplyDeleteশিশুক বিভিন্ন কাৰ্যকলাপ কৰিবলৈ দি পৰ্যবেক্ষণ কৰি তেওঁলোকক মূল্যায়ন কৰিব পৰা যায়
ReplyDeleteবুনিয়াদী স্তৰত শিশুসকলৰ মূল্যায়ন মৌখিক হব লাগে। তাৰোপৰি চিত্ৰ চিনাক্ত কৰণ , পৰিৱেশ ত পোৱা বস্তু গণনা কৰিব দিয়া আদি পদ্ধতিৰে মূল্যায়ন হোৱা উচিত।
ReplyDelete